মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত বৃহত্তৰ বগীনদীবাসী ৰাইজৰ সহযোগত ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰ তাৰিখলৈ ওখমাটি নাহৰণি দুলুং বন গাঁৱত অগতানুগতিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ সফলতাৰে সামৰণি পৰে।আজি অন্তিম দিনৰ অনুষ্ঠানত নাসিক চিত্ৰাংকন প্ৰদৰ্শন, মুকলি আলোচনা ও লোককৃষ্টি প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।নাসিক চিত্ৰাংকন প্ৰদৰ্শন অনুষ্ঠানৰ শুভ উদ্বোধন কৰে চিত্ৰশিল্পী কুলধৰ কোঁৱৰ ডাঙৰীয়াই, চিত্ৰ অংকন কৰে নাসিক চিত্ৰকাৰ তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত শিৰোমণি দলে ডাঙৰীয়াই, পৰিদৰ্শক হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড৹ দিলীপ কুমাৰ ঝা ডাঙৰীয়া আৰু লখিমপুৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয়া শিক্ষয়ত্ৰী সীমা পান্দে ঝা ডাঙৰীয়ানী।মুকলি আলোচনা চক্ৰ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে লখিমপুৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড৹ মুকুল চন্দ্ৰ বৰা ডাঙৰীয়া, নেচাৰ্চ বেকনৰ সন্মানীয় সঞ্চালক সৌম্যদ্বীপ দত্ত ডাঙৰীয়া।সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে ডাঙৰীয়াই।উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য অনিল পায়েং ডাঙৰীয়া, দেৱৰঞ্জন মৰাং ডাঙৰীয়া, পদুম ৰায় ডাঙৰীয়া, কাৰ্য্যবাহী সদস্যাদ্বয় ভৱানী দুৱৰা ডাঙৰীয়ানী, ৰেখা পেগু কুটুম ডাঙৰীয়ানী, সন্মানীয়া সাধাৰণ সদস্যাত্ৰয় বিউতি পেগু ডাঙৰীয়ানী, লাৱণ্য মিলি ডাঙৰীয়ানী, নিভা পেগু মিলি ডাঙৰীয়ানী, TMMKৰ সন্মানীয়া উপদেষ্টা নন্দিতা পেগু চায়েঙীয়া ডাঙৰীয়ানী, TMMKৰ সন্মানীয়া সম্পাদিকা শৰ্মিলা পায়েং ডাঙৰীয়ানী, পৰিষদৰ কৰ্মচাৰী সকল, বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী, শিক্ষাবিদ, প্ৰতিষ্ঠিত সাহিত্যিক, গামসকল, দুলুং সোৱণশিৰি উদযাপন সমিতি, মিচিং জাতীয় সংগঠনৰ লগতে বিভিন্ন সংগঠনৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।উল্লেখ্য যে, আজি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হৈছে ইণ্ডিয়ান আইদল নিলাঞ্জনা ৰয় আৰু জনপ্ৰিয় কণ্ঠশিল্পী বায়’ পেগু।